Jyotsna Biswal Routকেন্দ্ৰীয় সাহিত্য অকাডেমি বঁটা, জগজ্জীৱন ৰাম সংহতি বঁটা আৰু অসম সাহিত্য সভা, অসম লেখিকা সংস্থাৰ দ্বাৰা কেইবাটাও বঁটাৰে বিভূষিতা অনুবাদিকা ড॰ জ্যোৎস্না ৰাউতে ইতিমধ্যে ২৫খন গৱেষণামূলক মৌলিক গ্ৰন্থ ৰচনা কৰাৰ লগতে ওড়িআৰ পৰা অসমীয়া ভাষালৈ আৰু অসমীয়াৰ পৰাওড়িআলৈ ২০খন গ্ৰন্থ অনুবাদ কৰি সাহিত্য জগতত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত ১৯৯৫ চনত যোগদান কৰা অনুবাদিকাগৰাকীয়ে ইতিমধ্যে ওড়িশা আৰু অসমৰ লোকসাহিত্যৰ তুলনামূলক বিষয়ত পি এইচ. ডি, ওড়িশা আৰু অসমৰ লোকসংস্কৃতিৰ তুলনামূলক বিষয়ত ডি.লিট ডিগ্ৰী লাভ কৰে ৷ উক্ত গৱেষণা গ্ৰন্থ দুখন বিভিন্ন মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ত সহায়ক গ্ৰন্থসূচী হিচাপে যথেষ্ট আদৃত হৈ পৰিছে ৷ 'সব্যসাচীৰ শব্দ' নামৰ অনুবাদিত গ্ৰন্থখনো তেওঁৰ অন্যতম কৃতি ৷ Read More Read Less
An OTP has been sent to your Registered Email Id:
Resend Verification Code
Hi! I'm Vidya, your virtual assistant.
Need a book recommendation, help with your order or support with any query? I’m here to assist you.